মুখ্য পৃষ্ঠা
06/04/25
15:39
• প্ৰেমৰ কবিতা •
(ক)
শৰৎৰ জোনাকী ৰাতি
পদুম পাতত লিখি
তোমালৈ দি যাম
প্ৰথম প্ৰেমৰ চিঠি |
(খ)
বুকুত দুখৰ পাহাৰ গঢ়ি
কপালত সেন্দুৰৰ সূৰুয আঁকি
নল'বা নল'বা প্ৰিয়তমা
মোক তুমি আপোন কৰি |
(গ)
ফাগুনেও নকয় তোমাক
মোক ভালপোৱা বুলি
অহা বাটেৰে উলটি যাব
নৰয় যৌৱন কাঁহানিও থমকি |
(ঘ)
তিৰবিৰ তিৰবিৰ
ৰূপুৱালি নৈৰ বালি
বৰষুণত নিতিতিবা প্ৰিয়তমা
দেহৰ খলাবমা পৰিব জিলিকি |
(ঙ)
নীলাজ প্ৰেমিক অশ্লীল দুহাত
চকুলৈ নাচাবা ওঁঠত হাঁহি লৈ
ঘন ক'লা চুলিত আঁউসি নামিব
জোনাক গুচি যাব দূৰ দূৰলৈ |
___ ৰাজু কলিতা